গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

যোৰহাটৰ ঢাপকটাত উত্তপ্ত পৰিস্থিতি

RAIJOR BARTA September 18, 2026

 


বাগান মালিকক চৰ মৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শ্ৰমিকৰ

ৰাইজৰ বাৰ্তা 

যোৰহাটৰ ঢাপকটাৰ সমীপত লহপহীয়া বাগানৰ শ্ৰমিকৰ প্ৰতিবাদক কেন্দ্ৰ কৰি আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বাগানখনৰ মালিকক এজন লোকে চৰ মৰাৰ ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ হৈ পৰে বাগানখনৰ একাংশ শ্ৰমিক।

ঘটনাৰ প্ৰতিবাদত শ্ৰমিকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ফলত ব্যাহত হৈ পৰে যান-বাহনৰ চলাচল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰী শ্ৰমিকসকলক বুজাই পথ মুকলি কৰাৰ চেষ্টা চলায়।

কিন্তু আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি, আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে একাংশ প্ৰতিবাদকাৰীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।

ঘটনাক কেন্দ্ৰ কৰি ঢাপকটা অঞ্চলত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল মোতায়েন কৰা হৈছে। ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Share this article

Facebook Twitter