জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত বিজেপিৰ ৰক্তদান শিবিৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান, ১৯ ছেপ্টেম্বৰ ৰক্তদানেৰে পালন কৰাৰ ঘোষণা
ৰাইজৰ বাৰ্তা / গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: অসমৰ সাংস্কৃতিক জগতৰ অন্যতম জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে শনিবাৰে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীক স্মৰণ কৰা হয়। এই উপলক্ষে অসম প্ৰদেশ বিজেপিৰ উদ্যোগত ৰাজ্যৰ ৩৯টা সাংগঠনিক জিলাত আয়োজন কৰা হয় বৃহৎ ৰক্তদান শিবিৰ। জুবিন গাৰ্গৰ স্মৃতিক সেৱামূলক কাৰ্যৰ জৰিয়তে জীয়াই ৰখাৰ উদ্দেশ্যে এই ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰা হয়।
গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনতো আয়োজন কৰা হয় বিশেষ ৰক্তদান শিবিৰ। এই শিবিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই ৰক্তদান কৰে। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী, সাংসদ, বিধায়ক আৰু বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়েও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰা এই কাৰ্যসূচীত প্ৰথমে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। তাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীত দলীয় কৰ্মী আৰু বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ১৯ ছেপ্টেম্বৰত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ কথা বিজেপিয়ে আগতীয়াকৈ ঘোষণা কৰিছিল। ৰাজ্যখনৰ ৩৯টা সাংগঠনিক জিলাতে একেদিনাই এই কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছিল।
ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ স্মৃতিক সেৱামূলক কাৰ্যৰ সৈতে জড়িত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিবছৰে ১৯ ছেপ্টেম্বৰৰ দিনটো ৰক্তদানৰ জৰিয়তে পালন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰক্তদানৰ দৰে মানৱসেৱামূলক কাৰ্যৰ জৰিয়তে সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য বুলি জানিবলৈ দিয়া হয়।
জুবিন গাৰ্গৰ গীত, সংগীত আৰু সমাজৰ প্ৰতি থকা অৱদানৰ স্মৃতি আজিও অসমৰ জনমানসত গভীৰভাৱে জীয়াই আছে। শিল্পীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু অনুৰাগীয়ে পৃথক পৃথক কাৰ্যসূচীৰে তেওঁক স্মৰণ কৰাৰ মাজতে বিজেপিৰ এই ৰক্তদান কাৰ্যসূচীয়েও বিশেষ তাৎপৰ্য বহন কৰিছে।
