গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

কচুৱাত ৮২টা চুৰি মোবাইলসহ ৪জনক আটক

RAIJOR BARTA September 09, 2026


 

কচুৱাৰ ৰাঙলুবস্তিত আৰক্ষীৰ বৃহৎ অভিযান

৮২টা চুৰি মোবাইলসহ ৪জনক আটক; চুৰি মোবাইল চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ অভিযান

ৰাইজৰ বাৰ্তা /কামপুৰ: চুৰি মোবাইলৰ বিৰুদ্ধে অভিযান চলাই কচুৱা আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। কচুৱাৰ ৰাঙলুবস্তিত আৰক্ষীয়ে চলোৱা অভিযানত ৮২টা চুৰি মোবাইল ফোন উদ্ধাৰ কৰাৰ লগতে চুৰিৰ সৈতে জড়িত থকাৰ সন্দেহত চাৰিজন লোকক আটক কৰা হৈছে।

আৰক্ষীৰ অভিযানত আটক হোৱা লোককেইজনক ৰাঙলুবস্তিৰ পাৰভেজ মাৰুফ, ছৰিফুল ইছলাম, ৰাবুল ইছলাম আৰু ফিৰুজ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অঞ্চলটোত চুৰি মোবাইলৰ অবৈধ সৰবৰাহ আৰু ক্ৰয়-বিক্ৰয়ৰ বিৰুদ্ধে লাভ কৰা তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হয়। অভিযানকালত উদ্ধাৰ হোৱা ৮২টা মোবাইল ফোনৰ উৎস আৰু ইয়াৰ সৈতে জড়িত চুৰি ঘটনাসমূহৰ বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আটকাধীন লোককেইজনক জেৰা কৰি চুৰি মোবাইলসমূহ ক’ৰ পৰা সংগ্ৰহ কৰা হৈছিল আৰু এই চক্ৰৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, চুৰি মোবাইলৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা এই অভিযানক কেন্দ্ৰ কৰি কচুৱা-ৰাঙলুবস্তি অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

Share this article

Facebook Twitter