বিধায়ক মেহবুব মুক্তাৰৰ উদ্যোগত হাতেমীয়া প্ৰাথমিক বিদ্যালয়ত বাউণ্ডাৰী ৱালৰ আধাশিলা স্থাপন।
ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে আজি পূৱ কটহগুৰি জানপাৰ হাতেমীয়া প্ৰাথমিক বিদ্যালয়ত বাউণ্ডাৰী ৱাল নিৰ্মাণৰ আধাশিলা স্থাপন কৰে।
কটহগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী জেছমিন চুলতানাৰ উপস্থিতিত ২০২৫–২৬ বিত্তীয় বৰ্ষৰ ১৫তম বিত্ত আয়োগ আঁচনিৰ অধীনত ₹৪,৩৪,১৫০ ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বাউণ্ডাৰী ৱালৰ শুভাৰম্ভ কৰা হয়।
এই উপলক্ষে বিধায়ক মুক্তাৰে কয় যে শিক্ষাৰ মান উন্নয়নৰ লগতে বিদ্যালয়সমূহত নিৰাপদ, সুন্দৰ আৰু উন্নত আন্তঃগাঁথনি গঢ়ি তোলাটোও সমান গুৰুত্বপূৰ্ণ দায়িত্ব। উন্নয়নমূলক কামত সহযোগিতা আগবঢ়োৱাৰ বাবে সভানেত্ৰী জেছমিন চুলতানাক ধন্যবাদ জনোৱাৰ লগতে উপস্থিত স্থানীয় সচেতন ৰাইজলৈও কৃতজ্ঞতা জ্ঞাপন কৰে।


