গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

মিছন নগাঁও আৰম্ভ বিজেপিৰ

RAIJOR BARTA September 17, 2026


 

নগাঁও লোকসভা উপ-নিৰ্বাচনঃ তুংগত নিৰ্বাচনী প্ৰচাৰ, ধিঙৰ চৰাঞ্চলত ঘৰে ঘৰে দেৱাশীষ শৰ্মা

ৰাইজৰ বাৰ্তা বিশেষ প্ৰতিবেদন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰচাৰৰ গতি তীব্ৰতৰ কৰি আজি ধিং সমষ্টিৰ বিভিন্ন চৰাঞ্চলত ঘৰে ঘৰে উপস্থিত হৈ ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই।

দলীয় কৰ্মী-সমৰ্থকক লগত লৈ চৰাঞ্চলৰ বিভিন্ন গাঁৱত উপস্থিত হয় প্ৰাৰ্থীগৰাকী। দুৰ্গম যাতায়াত ব্যৱস্থাৰ মাজতো পদূলিয়ে পদূলিয়ে গৈ স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ অভাৱ-অভিযোগ আৰু সমস্যাৰ বুজ লয় দেৱাশীষ শৰ্মাই।

   


চৰাঞ্চলৰ শিক্ষা, স্বাস্থ্য, যাতায়াত, বান-খহনীয়া আদি বিভিন্ন সমস্যাৰ বিষয়েও স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে। চৰাঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে।

  


উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও লোকসভা সমষ্টিত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ হৈ পৰিছে। ঘৰে ঘৰে গৈ ভোটাৰক সাক্ষাৎ কৰি সমৰ্থন বিচৰাৰ সমান্তৰালভাৱে সভা-সমিতি আৰু দলীয় কাৰ্যসূচীৰ জৰিয়তেও প্ৰচাৰ চলাইছে বিভিন্ন ৰাজনৈতিক দলে।

এতিয়া উপ-নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজে কাক সমৰ্থন জনায় আৰু কাৰ মূৰত পিন্ধায় বিজয়ৰ মুকুট—সেয়া নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই স্পষ্ট হ’ব।

Share this article

Facebook Twitter