জুবিনক্ষেত্ৰত জুবিন দিৱসৰ তৃতীয় দিন
প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি মুণ্ডন নলবাৰীৰ যুৱকৰ
ৰাইজৰ বাৰ্তা / গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীৰ সোঁত বৈছে জুবিনক্ষেত্ৰলৈ। আজি জুবিন দিৱসৰ তৃতীয় দিনতো জুবিনক্ষেত্ৰত দেখা গ’ল আবেগঘন পৰিৱেশ। প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু ভালপোৱাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে নলবাৰীৰ দুজন যুৱকে।
জুবিন গাৰ্গৰ স্মৃতিত নলবাৰীৰ যুৱক পুলক দাসসহ আন এগৰাকী যুৱকে আজি জুবিনক্ষেত্ৰত মুণ্ডন কৰি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জানিব পৰা মতে, জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত যুৱক দুজনে এবছৰ ধৰি চুলি নকটাকৈ ৰাখিছিল। প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে তেওঁৰ প্ৰতি নিজৰ শ্ৰদ্ধা প্ৰকাশ কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল তেওঁলোকে।
আজি জুবিনক্ষেত্ৰত উপস্থিত হৈ অনুৰাগীৰ সমুখতে মুণ্ডন কৰাৰ পিছত আবেগিক হৈ পৰে যুৱক দুজন। জুবিন গাৰ্গৰ সৈতে থকা অনুৰাগীৰ গভীৰ সম্পৰ্কৰ এক প্ৰতীক হিচাপে এই দৃশ্যই উপস্থিত লোকসকলৰ মাজতো সৃষ্টি কৰে আবেগঘন পৰিৱেশ।
উল্লেখ্য যে, জুবিন গাৰ্গৰ স্মৃতিত আয়োজিত জুবিন দিৱসৰ তৃতীয় দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন অনুৰাগী জুবিনক্ষেত্ৰত উপস্থিত হৈছে। কোনোবাই গীত গাই, কোনোবাই বন্তি জ্বলাই, কোনোবাই পুষ্পাঞ্জলি অৰ্পণ কৰি আৰু কোনোবাই এনেদৰে নিজৰ ব্যক্তিগত প্ৰতিশ্ৰুতিৰ জৰিয়তে প্ৰিয় শিল্পীগৰাকীক স্মৰণ কৰিছে।
জুবিন গাৰ্গৰ প্ৰতি অনুৰাগীৰ এই অকৃত্ৰিম ভালপোৱাই পুনৰ এবাৰ প্ৰতিফলিত কৰিলে—শিল্পীগৰাকী শাৰীৰিকভাৱে নাথাকিলেও তেওঁৰ গীত, সুৰ আৰু স্মৃতি অসমৰ জনমানসত সদায় সজীৱ হৈ থাকিব।
