গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ দেহাৱসান ।

RAIJOR BARTA September 02, 2026

ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ দেহাৱসান । 


, ধিং, ২ ছেপ্টেম্বৰ :

নগাঁও জিলাৰ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আলহাজ মোবাৰক আলী পাঠান আৰু আমাৰ মাজত নাই । আজি নিশা প্ৰায় ৯:৩০ বজাত তেখেতে নগাঁৱৰ এটা ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৩ বছৰ । তেখেতৰ বিয়োগত সমগ্ৰ ধিং সমষ্টি তথা নগাঁও জিলাত গভীৰ শোকৰ ছাঁ পৰিছে।

তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে খৈৰাবাৰীস্থিত বাসভৱনলৈ শোকাক্ত লোকসকলৰ সোঁত বৱলৈ লয় ।


পৰিয়ালৰ সূত্ৰে প্রকাশ যে মঙলবাৰৰ বিয়লি ভাগত হঠাৎ তেখেতৰ শাৰীৰিক অৱস্থা অবনতি ঘটাত পৰিয়ালৰ লোকে তৎক্ষণাৎ নগাঁৱৰ ব্যক্তিগত চিকিৎসালয়খনত ভৰ্ত্তি কৰায়। চিকিৎসাধীন অৱস্থাতেই নিশা হৃদক্ৰিয়া বন্ধ হৈ তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতে পত্নী, পুত্র-কন্যাসহ বহু আত্মীয়-স্বজন আৰু গুণমুগ্ধক এৰি থৈ যায়।১৯৫১ চনত ধিঙৰ খৈৰাবাৰী গাঁৱত জন্মগ্ৰহণ কৰা মোবাৰক আলী পাঠানৰ পিতৃ আছিল প্রয়াত ওৱাহেদ পাঠান। কান্ধুলিমাৰী এল পি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত তেখেতে ধিং কে বি স্কুলত শিক্ষা গ্ৰহণ কৰে। ছাত্ৰাৱস্থাৰ পৰাই জনসেৱাৰ সৈতে জড়িত মোবাৰক আলী পাঠানে ধিঙৰ কমিউনিষ্ট নেতা চামছুল হুদাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আৰ চি পি আই দলৰ জৰিয়তে দীৰ্ঘ ১৮ বছৰ ৰাজনীতি কৰে। পৰৱৰ্তী সময়ত তেখেতে অগপৰ শক্তিশালী নেতা প্রয়াত দীগেন চন্দ্ৰ বৰাৰ সান্নিধ্যলৈ আহি দলটোত সক্ৰিয় ভূমিকা পালন কৰে।


ধিং সমবায় সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেখেতে ২০০১ চনৰ পঞ্চায়ত নিৰ্বাচনত বেচামাৰী জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হয়। ইয়াৰ পিছতে, ২০০৬ চনত এ ইউ ডি এফ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি ধিং বিধানসভা সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হয় আৰু ২০০৬ চনৰ পৰা ২০১১ চনলৈ সমষ্টিটো সফলভাৱে প্ৰতিনিধিত্ব কৰে। বৰ্তমান তেখেত অসম গণ পৰিষদ (অগপ) দলৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্বশীল পদত আছিল। মোবাৰক আলী পাঠানৰ বিয়োগত ধিং সমষ্টিৰ বৰ্তমানৰ বিধায়ক মেহবুব মুক্তাৰকে ধৰি ধিং প্ৰেছ ক্লাৱ, মৈৰাবাৰী প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেখেতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত সু-সম্পর্ক ৰক্ষা কৰি চলিছিল আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে আজীৱন সেৱা আগবঢ়াই গ’ল। 

Share this article

Facebook Twitter