গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

লাহৰিঘাটত কংগ্ৰেছত খহনীয়া অব্যাহত

RAIJOR BARTA September 06, 2026


 

লাহৰিঘাটত কংগ্ৰেছত খহনীয়া অব্যাহত

মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত কংগ্ৰেছ এৰি বিজেপিত যোগদান কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ

ৰাইজৰ বাৰ্তা / লাহৰীঘাট: 

লাহৰীঘাট বিধানসভা সমষ্টিত কংগ্ৰেছ দলত অব্যাহত আছে খহনীয়া। মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে সমষ্টিটোৰ কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিয়ে। এই যোগদান কাৰ্যসূচীক কেন্দ্ৰ কৰি লাহৰীঘাটৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে ব্যাপক চৰ্চা।

জানিব পৰা মতে, লাহৰীঘাট সমষ্টিৰ বৰচাপৰি, গৰীয়াবৰী আৰু লেংৰিবৰী পঞ্চায়তৰ সভাপতিৰ লগতে মুঠ ১০ গৰাকী ৱাৰ্ড সদস্যই কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বিজেপিৰ দলীয় পতাকা গ্ৰহণ কৰি নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে পঞ্চায়ত প্ৰতিনিধিসকলে।

কংগ্ৰেছৰ পৰা একেলগে কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধিৰ বিজেপিত যোগদানৰ ঘটনাই স্বাভাৱিকতে লাহৰীঘাটৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত বহন কৰিছে। বিশেষকৈ সমষ্টিটোৰ তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ সাংগঠনিক ভেটিক লৈও বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।

ইফালে, পঞ্চায়ত পৰ্যায়ৰ জনপ্ৰতিনিধিসকলৰ এই দলবদলে আগন্তুক দিনত লাহৰীঘাটৰ ৰাজনীতিত কিমান প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষ্যণীয়। শাসকীয় বিজেপিয়ে সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত এই যোগদানক গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰাৰ বিপৰীতে কংগ্ৰেছৰ বাবে ই এক ৰাজনৈতিক প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে।

বিধায়ক আছিফ নজৰৰ নেতৃত্বাধীন কংগ্ৰেছৰ সাংগঠনিক ভেটিত এই দলত্যাগে কঁপনি তুলিব নেকি? নে এয়া কেৱল স্থানীয় পৰ্যায়ৰ ৰাজনৈতিক দলবদলতে সীমাবদ্ধ থাকিব—সেই লৈ এতিয়া লাহৰীঘাটৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা।

লাহৰীঘাট কংগ্ৰেছৰ ভিতৰত আচলতে কি চলিছে? দলীয় নেতৃত্বই এই ধাৰাবাহিক দলত্যাগ কেনেদৰে মোকাবিলা কৰে, সেয়াও হ’ব আগন্তুক দিনৰ এক গুৰুত্বপূৰ্ণ বিষয়। ইফালে, বিজেপিয়ে তৃণমূল পৰ্যায়ত সংগঠন অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এইদৰে যোগদান কাৰ্যসূচী অব্যাহত ৰাখে নে নাই, তাৰ ওপৰতো ৰাজনৈতিক মহলৰ দৃষ্টি থাকিব।

Share this article

Facebook Twitter