গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

কলিয়াবৰৰ হাৰিভাঙাত খাদ্যত বিষক্ৰিয়া

RAIJOR BARTA September 14, 2026


 মাহ-প্ৰসাদ খাই অসুস্থ ৮০ৰো অধিক লোক, তেজপুৰ মেডিকেল কলেজত ভৰ্তি

ৰাইজৰ বাৰ্তা /কলিয়াবৰ: কলিয়াবৰৰ হাৰিভাঙা গাঁৱত সংঘটিত হৈছে খাদ্যত বিষক্ৰিয়াৰ এক শোকাৱহ ঘটনা। শনি পূজাৰ মাহ-প্ৰসাদ গ্ৰহণ কৰাৰ পাছতে গাঁওখনৰ ৮০ৰো অধিক লোক অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শনি পূজাৰ উপলক্ষে প্ৰসাদ হিচাপে বিতৰণ কৰা মাহ-প্ৰসাদ গ্ৰহণ কৰাৰ পাছতে একাংশ লোকৰ শৰীৰত অসুস্থতাৰ লক্ষণ দেখা দিয়ে। আক্ৰান্ত লোকসকলৰ মাজত জ্বৰ, শৌচ আৰু বমি আদি উপসৰ্গ দেখা দিয়াৰ লগতে ক্ৰমান্বয়ে অসুস্থ লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে।

ঘটনাৰ পিছতে অসুস্থ লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। বৰ্তমান আক্ৰান্ত ৮০ৰো অধিক লোকক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হৈছে।

খাদ্যত বিষক্ৰিয়াৰ ফলত অসুস্থ হোৱা লোকসকলৰ ভিতৰত শিশু, মহিলা আৰু বৃদ্ধও আছে। ঘটনাটোক কেন্দ্ৰ কৰি হাৰিভাঙা অঞ্চলত সৃষ্টি হৈছে আতংকময় পৰিৱেশ।

ইফালে, মাহ-প্ৰসাদ গ্ৰহণ কৰাৰ পাছতেই কিয় ইমান বৃহৎ সংখ্যক লোক অসুস্থ হৈ পৰিল, সেই বিষয়ে এই পৰ্যন্ত সঠিক কাৰণ জানিব পৰা হোৱা নাই। খাদ্যত বিষক্ৰিয়াৰ প্ৰকৃত কাৰণ জানিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষই তদন্ত চলোৱাৰ লগতে প্ৰসাদৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে।

Share this article

Facebook Twitter