গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

আৰক্ষীৰ জালত ভুৱা আৰক্ষী

RAIJOR BARTA September 08, 2026


 পাঁচগ্ৰামত আৰক্ষীৰ জালত ভুৱা আৰক্ষী

আৰক্ষীৰ পৰিচয় দি প্ৰতাৰণা, চুৰি বাইক উদ্ধাৰৰ নামতো ধন সংগ্ৰহৰ অভিযোগ

ৰাইজৰ বাৰ্তা /হাইলাকান্দি, ৮ ছেপ্টেম্বৰ: হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত আৰক্ষীৰ জালত পৰিল এজন ভুৱা আৰক্ষী। আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰতাৰণা কৰাৰ অভিযোগত হাছান আহমেদ চৌধুৰী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে পাঁচগ্ৰাম আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, হাছান আহমেদ চৌধুৰীয়ে নিজকে আৰক্ষীৰ লোক হিচাপে পৰিচয় দি বিভিন্নজনৰ সৈতে প্ৰতাৰণামূলক কাৰ্যকলাপ চলাই আহিছিল। বিশেষকৈ চুৰি হোৱা বাইক উদ্ধাৰ কৰি দিয়াৰ নামত লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপিত হৈছে তেওঁৰ বিৰুদ্ধে।

ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে পাঁচগ্ৰাম আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। অনুসন্ধানৰ ভিত্তিত অৱশেষত হাছান আহমেদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

ইতিমধ্যে আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনাটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে। ভুৱা আৰক্ষীৰ পৰিচয় দি প্ৰতাৰণাৰ জাল মেলি অহা ঘটনাক কেন্দ্ৰ কৰি পাঁচগ্ৰাম অঞ্চলত সৃষ্টি হৈছে চাঞ্চল্য।

Share this article

Facebook Twitter