গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

নিউ বঙাইগাঁও জংচনত ৰে’ল আৰক্ষীৰ অভিযান

RAIJOR BARTA September 16, 2026

   


নিউ বঙাইগাঁও জংচনত শিশুসহ ১৫ বাংলাদেশী আটক

নিউ বঙাইগাঁও: নিউ বঙাইগাঁও জংচনত ৰে’ল আৰক্ষীৰ অভিযানত শিশুসহ মুঠ ১৫ গৰাকী বাংলাদেশী নাগৰিক আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে অভিযান চলাই লোককেইজনক আটক কৰে।

জানিব পৰা মতে, নিয়মীয়া তালাচী অভিযানৰ সময়তে ৰে’ল আৰক্ষীৰ সন্দেহ হয় একাংশ যাত্ৰীৰ গতিবিধিক লৈ। ইয়াৰ পিছতে সোধা-পোছা আৰু নথি-পত্ৰ পৰীক্ষা কৰাত লোককেইজনক আটক কৰা হয়। আটকাধীন ১৫ গৰাকীৰ ভিতৰত ৬ জন পুৰুষ, ৪ গৰাকী মহিলা আৰু ৪ টা শিশু আছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আটকাধীন লোককেইজনৰ পৰিচয় আৰু ভাৰতত প্ৰৱেশৰ বৈধ নথি-পত্ৰ সম্পৰ্কে তদন্ত অব্যাহত আছে। তেওঁলোক কোন পথেৰে ভাৰতত প্ৰৱেশ কৰিছিল আৰু ক'লৈ যাত্ৰা কৰিছিল, সেই বিষয়েও আৰক্ষীয়ে সোধা-পোছা চলাইছে।

ইতিমধ্যে ঘটনাটোক কেন্দ্ৰ কৰি ৰে’ল আৰক্ষী আৰু সংশ্লিষ্ট নিৰাপত্তা সংস্থাই অধিক তদন্ত আৰম্ভ কৰিছে। তদন্তৰ পিছতহে আটকাধীন লোককেইজনৰ ভাৰতত প্ৰৱেশৰ সম্পূৰ্ণ তথ্য স্পষ্ট হ'ব।

Share this article

Facebook Twitter