নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ গ্ৰহণ, উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ প্রবল সম্ভাৱনা
ৰাইজৰ বাৰ্তা /নগাঁও/৩ ছেপ্টেম্বৰ
নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই চৰকাৰী সেৱাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে। জিলা আয়ুক্তগৰাকীয়ে অৱসৰৰ বাবে দাখিল কৰা আবেদন ৰাজ্য চৰকাৰে ইতিমধ্যে মঞ্জুৰ কৰিছে।
অভিজ্ঞ তথা জনপ্ৰিয় প্ৰশাসনিক বিষয়াগৰাকীৰ এই পদক্ষেপে এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। সূত্ৰ অনুসৰি, অৱসৰৰ পাছত দেৱাশীষ শৰ্মাই সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ পূর্ণ সম্ভাৱনা আছে। আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ বাবে জোৰদাৰ চৰ্চা চলিছে।
ইতিপূর্বে বিভিন্ন দায়িত্বশীল পদত থাকি দক্ষতাৰে সেৱা আগবঢ়োৱা দেৱাশীষ শৰ্মাৰ এই প্ৰশাসনিক অৱসৰ আৰু ৰাজনীতিলৈ সম্ভাব্য আত্মপ্ৰকাশে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ৰাজনৈতিক দৃশ্যপট অধিক কৌতূহলপূৰ্ণ কৰি তুলিছে।
