গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

জুৰীয়া আৰক্ষীৰ জালত ‘পাগলা বাবা’

RAIJOR BARTA September 19, 2026

 


জুৰীয়া আৰক্ষীৰ জালত ভণ্ড বাবা জহুৰ আলী ওৰফে ‘পাগলা বাবা’

ৰাইজৰ বাৰ্তা 

জুৰীয়া আৰক্ষীৰ জালত পৰিল জহুৰ আলী ওৰফে ‘পাগলা বাবা’। শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত থানাত সোধা-পোছা আৰু জেৰা চলোৱা হয় অভিযুক্তজনক।

আৰক্ষীৰ জেৰাৰ অন্তত আজি জহুৰ আলী ওৰফে পাগলা বাবাক আদালতত হাজিৰ কৰোৱা হয়। আদালতে অভিযুক্তজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ভণ্ড বাবাগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোক লৈ জুৰীয়া অঞ্চলত সৃষ্টি হৈছে চাঞ্চল্য। তদন্তৰ জৰিয়তে পাগলা বাবাৰ সৈতে জড়িত আন কোনো লোক বা ঘটনাৰ আঁৰত অন্য কিবা তথ্য পোহৰলৈ আহে নেকি, সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ’ব।

Share this article

Facebook Twitter