গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

কংগ্ৰেছক তীব্ৰ কটাক্ষ অখিল গগৈৰ

RAIJOR BARTA September 07, 2026


 

‘ৰকিবুল হুছেইনক সমালোচনা আজি কৰিছো, কাইলৈকো কৰিম’

কংগ্ৰেছক তীব্ৰ কটাক্ষ অখিল গগৈৰ, সাংসদ ৰকিবুল হুছেইনকো তুলাধূনা

ৰাইজৰ বৰ্ত / গুৱাহাটীঃ 

কংগ্ৰেছ দল আৰু সাংসদ ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বিজেপিক উৎখাত কৰাৰ লগতে কংগ্ৰেছৰ ভিতৰতো পৰিৱৰ্তনৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি কংগ্ৰেছ নেতৃত্বকো কঠোৰ ভাষাৰে সমালোচনা কৰে বিধায়কগৰাকীয়ে।

ৰকিবুল হুছেইনক উদ্দেশ্য কৰি অখিল গগৈয়ে কয়, ‘ৰকিবুল হুছেইনক সমালোচনা আজি কৰিছো, কাইলৈকো কৰিম।’ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ গ’লে ৰকিবুল হুছেইনৰ নাম শুনিলেই মানুহে বেয়া পায় বুলিও দাবী কৰে বিধায়কগৰাকীয়ে।

বিজেপিক আঁতৰোৱাৰ প্ৰসংগত কংগ্ৰেছকো সমালোচনাৰ লক্ষ্য কৰি অখিল গগৈয়ে কয়, ‘বিজেপি যদি আমি আঁতৰ কৰিব লাগে, তেন্তে কংগ্ৰেছৰ এই “ৰিজেক্টেড মাল” কেইটাকো আঁতৰাব লাগিব।’

বিধায়কগৰাকীৰ এই মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ এনে আক্ৰমণাত্মক মন্তব্যই আগন্তুক দিনত বিৰোধী ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত দিছে নেকি, সেই লৈও চৰ্চা চলিছে।

অখিল গগৈৰ মন্তব্যই বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যৰ প্ৰসংগটোও পুনৰ চৰ্চালৈ আনিছে। বিজেপিক পৰাস্ত কৰাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ নেতৃত্ব আৰু ৰাজনৈতিক ভূমিকা সন্দৰ্ভতো বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে।

Share this article

Facebook Twitter