গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

সামাজিক মাধ্যমত আবেগিক বাৰ্তা নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ

RAIJOR BARTA September 11, 2026


 

বাধা আহিলেও পিছ হুহকি নাযাব—দেৱাশীষ শৰ্মা

সামাজিক মাধ্যমত আবেগিক বাৰ্তা নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ

ৰাইজৰ বাৰ্তাৰ বিশেষ প্ৰতিবেদন: নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা এক আবেগিক বাৰ্তাই চৰ্চা লাভ কৰিছে। জীৱন পথত বহু বাধা আহিলেও হাৰ নামানি আগুৱাই যোৱাৰ সংকল্প ব্যক্ত কৰাৰ লগতে সমাজৰ প্ৰতি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ কথাও উল্লেখ কৰিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।

সামাজিক মাধ্যমত দেৱাশীষ শৰ্মাই লিখিছে, “মোৰ মনত আছে, মোক কৈছিলে—জীৱন পথত বহু হাজাৰ বাধা আহিলেও কেতিয়াও পিছ হুহকি নাযাবা।” আজি সেইসকল ব্যক্তি তেওঁৰ কাষত নাথাকিলেও তেওঁলোকৰ আদৰ্শক শিৰত লৈ সমাজৰ প্ৰতি থকা দায়িত্ববোধ আৰু কৰ্তব্য পালন কৰি জীৱন আগুৱাই নিয়াৰ কথা উল্লেখ কৰে শৰ্মাই।

ইয়াৰ লগতে জীৱনৰ ক্ষণস্থায়ী যাত্ৰাৰ কথা উল্লেখ কৰি দেৱাশীষ শৰ্মাই কয় যে মানুহ পৃথিৱীলৈ অকলে আহে আৰু অকলে যাবলগীয়া হয়। কিন্তু জীৱনৰ এই মধ্যৱৰ্তী সময়ছোৱাত যদি আন দহজন লোকৰ সহায় হ’ব পৰা যায়, হাতে হাত ধৰি আনক আগুৱাই লৈ যাব পৰা যায়, তেন্তে সেই জীৱনক ধন্য বুলি অনুভৱ কৰিব পাৰি বুলি মন্তব্য কৰে তেওঁ।

সামাজিক মাধ্যমৰ বাৰ্তাত দেৱাশীষ শৰ্মাই “সকলোৰে আস্থা আৰু বিশ্বাসৰ এক নতুন পৰিচয় লৈ মই গঢ়ি তুলিম” বুলি সংকল্প ব্যক্ত কৰে। তেওঁৰ এই বাৰ্তাই আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি নতুন ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে।

Share this article

Facebook Twitter