মহানগৰীত পুনৰ জাল নোটৰ বিৰুদ্ধে অভিযান
কামাখ্যা ৰে’ল জংচনৰ পৰা ১১.০৮ লাখ টকাৰ জাল নোট জব্দ, এজন গ্ৰেপ্তাৰ
ৰাইজৰ বাৰ্তা । মহানগৰ সেৱা
মহানগৰীত পুনৰ জাল নোটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কামাখ্যা ৰে’ল জংচনৰ পৰা বৃহৎ পৰিমাণৰ জাল নোটসহ বহিঃৰাজ্যৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
অভিযানকালত লোকজনৰ পৰা উদ্ধাৰ কৰা হয় ৫০০ টকীয়া জাল নোট। আৰক্ষীৰ তথ্য অনুসৰি, জব্দ কৰা জাল নোটৰ মুঠ মূল্য ১১ লাখ ৮ হাজাৰ টকা।
গোপন সূত্ৰৰ ভিত্তিত কামাখ্যা ৰে’ল জংচনত অভিযান চলাই আৰক্ষীয়ে লোকজনক আটক কৰে। জাল নোটখিনি ক’ৰ পৰা অনা হৈছিল আৰু এই চক্ৰৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
গ্ৰেপ্তাৰ হোৱা লোকজনৰ পৰিচয় আৰু জাল নোট সৰবৰাহৰ আঁৰৰ নেটৱৰ্ক সন্দৰ্ভতো তদন্ত অব্যাহত আছে। ঘটনাটোৱে মহানগৰীত পুনৰ জাল নোটৰ সৰবৰাহক লৈ উদ্বেগ সৃষ্টি কৰিছে।
