গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

"ভুল"

RAIJOR BARTA September 18, 2026

   


"ভুল"

ভুলতো মানুহৰেই হয়,
ভুলতেই জীৱন ৰয়,
হাঁহিৰ আঁৰত কেতিয়াবা
অযুত বিষাদ লুকাই ৰয়।
কেতিয়াবা এনে ভুল হয়,
যাৰ পৰা আঁতৰি যোৱা নাযায়,
সময়ৰ সোঁতত উটি গ’লেও
স্মৃতিবোৰ কেতিয়াও নেহেৰায়।
নিশব্দ ৰাতিৰ নিৰ্জনতাত
সেই ভুলবোৰ সাৰে থাকে,
টোপনি অহা চকুযুৰিত
পুৰণি কথাই উজাই আহে।
বুকুৰ মাজত নীৰৱ কাঁইট,
বিনা শব্দে বিন্ধি যায়,
ওঁঠে হাঁহিৰ অভিনয় কৰিলেও
মনটোৱে গোপনে কান্দি যায়।
ক্ষমা বিচাৰিলেও লাভ কি,
সময় জানো উভতি আহে?
হেৰাই যোৱা সেই মুহূৰ্তবোৰ
কোনোদিন জানো ঘূৰি নাহে?
সেয়ে আজি নীৰৱ হৈ
নিজকে নিজেই সোধোঁ—
এটি ভুলৰ মূল্য কিয়নো
গোটেই জীৱন দি ভৰোঁ?
জীৱন যায়, সময়ো যায়,
স্মৃতিবোৰ মাথোঁ ৰৈ যায়,
বুকুৰ গভীৰ কোনোবা কোণত
এটি দুখ নীৰৱে শুই যায়।
শেষত মাথোঁ ৰৈ যায়
অনুতাপৰ এটি সুৰ,
চকুৰ কোণত এটোপাল চকুলো
আৰু বুকুত—
এটি দীঘল হুমুনিয়াহৰ নীৰৱ নুপুৰ...
আফ্ৰোজা বেগম, নগাঁও



Share this article

Facebook Twitter