কাৰ্বি আংলঙত শোকাৱহ ঘটনা
জ্যেষ্ঠ ভাতৃক উদ্ধাৰ কৰিবলৈ গৈ কনিষ্ঠ ভাতৃৰ কৰুণ মৃত্যু
কাৰ্বি আংলঙত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ পৰিত্যক্ত কুঁৱাত পৰি কৰুণ মৃত্যুক সাবটি ল’লে কনিষ্ঠ ভাতৃয়ে।
জানিব পৰা মতে, পোহনীয়া গাহৰি বিচাৰি যোৱাৰ সময়তে লংকি হাঞ্চে নামৰ জ্যেষ্ঠ ভাতৃজন এটা পৰিত্যক্ত কুঁৱাত পৰে। ভাতৃজন কুঁৱাত পৰা দেখি তেওঁক উদ্ধাৰ কৰিবলৈ তৎপৰ হয় কনিষ্ঠ ভাতৃ মেনছিং হাঞ্চে।
জ্যেষ্ঠ ভাতৃক উদ্ধাৰ কৰিবলৈ কুঁৱাত নামিবলৈ চেষ্টা কৰাৰ সময়তে মেনছিং হাঞ্চেও কুঁৱাত পৰি যায়। ফলত দুয়ো ভাতৃ বিপদত পৰে আৰু ঘটনাস্থলীতে কনিষ্ঠ ভাতৃ মেনছিং হাঞ্চেৰ কৰুণ মৃত্যু ঘটে।
ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। ঘটনাৰ সন্দৰ্ভত স্থানীয় লোক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই উদ্ধাৰ অভিযান চলোৱাৰ লগতে ঘটনাটোৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিছে।
