গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

দুই-এদিনতে বিজেপিত যোগদান কৰিব নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

RAIJOR BARTA September 05, 2026


 

দুই-এদিনতে বিজেপিত যোগদান কৰিব নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

ৰাইজৰ বাৰ্তা / নগাঁও, ৫ ছেপ্টেম্বৰ, 

২০২৬: বিজেপিত যোগদানক লৈ চৰ্চাত নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। দুই-এদিনৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সম্ভাৱনা আছে প্ৰাক্তন IAS বিষয়াগৰাকীৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ কাম-কাজত আকৰ্ষিত হৈ বিজেপিত যোগদানৰ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিছে দেৱাশীষ শৰ্মাই। ইতিমধ্যে বিজেপিত যোগদানৰ বাবে তেওঁৰ সৈতে দলৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

ইফালে, নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰাক্তন IAS বিষয়াগৰাকীয়ে। বিজেপিত যোগদান কৰাৰ পিছত যদি দলে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰে, তেন্তে নিশ্চিতভাৱে নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰিছে দেৱাশীষ শৰ্মাই।

উল্লেখ্য যে, বিগত বৃহস্পতিবাৰে চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছিল দেৱাশীষ শৰ্মাই। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৬ জুনৰ পৰা নগাঁৱৰ জিলা আয়ুক্ত হিচাপে দায়িত্ব পালন কৰি আহিছিল তেওঁ।

এতিয়া প্ৰাক্তন জিলা আয়ুক্তগৰাকীৰ বিজেপিত যোগদান আৰু সম্ভাব্য নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশক লৈ নগাঁৱৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা।

Share this article

Facebook Twitter