নগাঁও উপ-নিৰ্বাচনক লৈ নিৰ্বাচনী কেন্দ্ৰসমূহ পৰিদৰ্শন জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকৰ
মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্য
ৰাইজৰ বাৰ্তা / নগাঁও, ৭ ছেপ্টেম্বৰ: আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে আজি জিলাখনৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে নৱনিযুক্ত জিলা আয়ুক্ত আৰণ্যক শইকীয়া আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডীয়ে।
উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি জিলা প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতিৰ অংশ হিচাপে জিলা আয়ুক্তগৰাকীয়ে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় পৰিদৰ্শন কৰে।
পৰিদৰ্শনকালত উক্ত কেন্দ্ৰসমূহত নিৰ্বাচনী সামগ্ৰী বিতৰণ, ভোটগ্ৰহণৰ পাছত নিৰ্বাচনী নথি-পত্ৰ জমা দিয়া আৰু ভোট গণনা কেন্দ্ৰ স্থাপনৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ বুজ লোৱা হয়। সমান্তৰালভাৱে নিৰ্বাচন যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা শান্তিভংগৰ ঘটনা নোহোৱাকৈ সুকলমে সম্পন্ন হয়, তাৰ বাবে কেন্দ্ৰসমূহত গ্ৰহণ কৰিবলগীয়া নিৰাপত্তা ব্যৱস্থা আৰু আনুষংগিক আন্তঃগাঁথনিগত সুবিধাসমূহো সূক্ষ্মভাৱে পৰ্যালোচনা কৰা হয়।
জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন বিষয়াৰ সৈতে মত-বিনিময় কৰি ভোটগ্ৰহণৰ দিনা যাতে ভোটাৰসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়, লগতে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বাবেও প্ৰয়োজনীয় সুবিধা নিশ্চিত কৰা হয়, সেই দিশত গুৰুত্ব আৰোপ কৰে।
এই গুৰুত্বপূৰ্ণ পৰিদৰ্শনকালত নিৰ্বাচনী বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে লোক নিৰ্মাণ বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
আগন্তুক উপ-নিৰ্বাচন শান্তিপূৰ্ণ, স্বচ্ছ আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দিশত তৎপৰতা অব্যাহত ৰাখিছে।
