গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

চকুলোত সেমেকিছে প্ৰাণৰ শিল্পীৰ স্মৃতি

RAIJOR BARTA September 19, 2026

 




জুবিনক্ষেত্ৰত অগণন অনুৰাগীৰ ভিৰ, চকুলোত সেমেকিছে প্ৰাণৰ শিল্পীৰ স্মৃতি

গুৱাহাটী, ১৯ ছেপ্টেম্বৰ: জুবিনক্ষেত্ৰত আজি পুৱাৰে পৰা দেখা গৈছে অগণন জুবিন অনুৰাগীৰ সমাগম। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীৰে জনসমুদ্ৰত পৰিণত হৈছে জুবিনক্ষেত্ৰ। অনুৰাগীৰ ভিৰ ইমানেই বৃদ্ধি পাইছে যে বহু সময়ত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে।

জুবিনৰ গীত, সুৰ আৰু স্মৃতি বুকুত লৈ জুবিনক্ষেত্ৰত উপস্থিত হৈছে অসংখ্য লোক। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বেদনাই আজি প্ৰতিগৰাকী অনুৰাগীৰ মুখত গভীৰ শোকৰ ছাপ পেলাইছে। বহু অনুৰাগীৰ চকুত দেখা গৈছে চকুলো, মুখত কেৱল প্ৰিয় শিল্পীগৰাকীৰ স্মৃতি।

জুবিনক্ষেত্ৰৰ পৰিৱেশত যেন প্ৰতিটো মুহূৰ্ততে অনুভৱ হৈছে জুবিনৰ উপস্থিতি। কোনোবাই গীত গাই, কোনোবাই নীৰৱে চকুলো টুকি, আন কোনোবাই প্ৰিয় শিল্পীগৰাকীৰ আলোকচিত্ৰ বুকুত সাবটি স্মৰণ কৰিছে তেওঁক।

অনুৰাগীৰ মাজত এতিয়াও যেন এক অব্যক্ত আশা—প্ৰাণৰ শিল্পীগৰাকী যেন পুনৰ উভতি আহিব। বাস্তৱৰ কঠিন সত্যক মানি ল'বলৈ টান পোৱা বহু অনুৰাগীৰ হৃদয়ত জুবিনৰ স্মৃতি আজিও সজীৱ। জুবিনক্ষেত্ৰত সৃষ্টি হোৱা এই অভূতপূৰ্ব জনসমাগমে পুনৰ এবাৰ প্ৰমাণ কৰিছে অসমৰ জনমানসত জুবিন গাৰ্গৰ গভীৰ স্থান।

ৰাইজৰ বাৰ্তা

Share this article

Facebook Twitter