বিশ্বনাথ আৰক্ষীৰ জালত ৯ জনকৈ অবৈধ বাংলাদেশী নাগৰিক
জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত অভিযান
ৰাইজৰ বাৰ্তা / বিশ্বনাথঃ অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে বিশ্বনাথ আৰক্ষীয়ে। বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত চলোৱা এক বিশেষ অভিযানত ৯ জনকৈ লোকক আটক কৰাৰ তথ্য পোহৰলৈ আহিছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আটকাধীন লোককেইজন বাংলাদেশৰ নাগৰিক বুলি সন্দেহ কৰা হৈছে। আটকাধীনসকলৰ ভিতৰত আছে— নাবিজাল খাতুন, চাহাৰ খাতুন, মামনি বেগম, ৰহিমা বেগম, চম্পাফুল খাতুন, ফাতেমা খাতুন, আকবৰ আলি, নুৰজামাল শ্বেখ আৰু চাহিদা খাতুন।
অভিযানকালত আৰক্ষীয়ে তেওঁলোকৰ পৰিচয় আৰু ভাৰতত বসবাসৰ বৈধ নথি-পত্ৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আটকাধীন লোকসকল কেনেদৰে অসমত প্ৰৱেশ কৰিছিল, তেওঁলোকক কোনো চক্ৰই আশ্ৰয় বা সহায় কৰিছিল নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
বিশ্বনাথ আৰক্ষীৰ এই অভিযানৰ পিছতে অঞ্চলটোত অবৈধ অনুপ্ৰৱেশৰ বিষয়টোৱে পুনৰ চৰ্চা লাভ কৰিছে। আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক বা দালাল চক্ৰৰ সন্ধান লাভ কৰে নেকি, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব।
অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ এই অভিযান আগন্তুক দিনতো অব্যাহত থকাৰ সম্ভাৱনা আছে।
