জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে কাৰখানা, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতা
ৰাইজৰ বাৰ্তা ষ্টাফ ৰিপৰ্টাৰ : উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড। সোমবাৰে এটা কাৰখানাত হঠাৎ ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।
অগ্নিকাণ্ডৰ ফলত কাৰখানাটোৰ ভিতৰৰ পৰা জুইৰ লেলিহান শিখা আৰু ক’লা ধোঁৱাই আৱৰি ধৰে বিস্তীৰ্ণ অঞ্চল। মুহূৰ্ততে জুই ভয়ংকৰ ৰূপ ধাৰণ কৰাত স্থানীয় লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে তৎপৰতাৰে জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। জুই যাতে কাৰখানাটোৰ পৰা কাষৰীয়া অঞ্চললৈ বিয়পি নপৰে, তাৰ বাবেও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। এই পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ তথ্যও নিশ্চিত হোৱা নাই। একেদৰে অগ্নিকাণ্ডত কাৰখানাটোৰ কিমান পৰিমাণৰ সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে, সেই সন্দৰ্ভতো এতিয়ালৈকে কোনো সঠিক তথ্য পোহৰলৈ অহা নাই।
অগ্নিনিৰ্বাপক বাহিনীৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছতহে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় প্ৰশাসনেও পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
