গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ধিঙৰ ছাত্ৰ নেতা ভাস্কৰ শইকীয়াৰ আদ্যশ্ৰাদ্ধত স্মৃতি গ্ৰন্থ উন্মোচন৷

RAIJOR BARTA September 01, 2026

 ধিঙৰ ছাত্ৰ নেতা ভাস্কৰ শইকীয়াৰ আদ্যশ্ৰাদ্ধত স্মৃতি গ্ৰন্থ উন্মোচন৷



উন্মোচক : অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত 


ধিং,১ছেপ্টম্বৰ:সমাজৰ হৈ নিঃস্বাৰ্থ ভাৱে  কাম কৰিছিল ভাস্কৰ শইকীয়াই৷আঞ্চলিকতাাদী

ৰাজনীতি কৰিছিল,কিন্তু বিলাসিতা বা ক্ষমাতাৰ বাবে নহয়,সংগঠন কৰিছিল,কিন্তু নেতা হোৱাৰ হাবিয়াস নাছিল৷জীৱনত তেওঁ বিলাসিতাৰ কৰা ইচ্ছা কৰা নাছিল৷লোভ লালসা নাছিল তেওঁৰ৷


সমাজত তেওঁ সুন্দৰকৈ নেতৃত্ব দি আগুৱাই নিছিল৷এই মন্তব্য অসমীয়া প্ৰতিদিন কাকতৰ জ্যোষ্ঠ সাংবাদিক   প্ৰকাশ মহন্তৰ৷

উল্লেখ্য যে,বিদেশী বিতাড়ন তথা অসম আন্দোলন বলিষ্ঠ নেতা তথা  ধিঙৰ প্ৰাক্তন আছু’নেতা ভাস্কৰ শইকীয়াৰ মৃত্যুৰ আজি আদ্যশ্ৰাদ্ধৰ  দিনাই তেওঁক শ্ৰূদ্ধাঞ্জলি জনাই তেওঁৰ বাসগৃহত 

 এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক  প্ৰকাশ মহন্তই ৷



এই স্মৃতি গ্ৰন্থ খন উন্মোচন কৰি সাংবাদিক মহন্তই আৰু কয় যে,ভাস্কৰ শইকীয়াই সদায়ে সমাজ খনৰ উন্নতিৰ কথা চিন্তা কৰি সমাজৰ লগত জড়িত হৈ আহিছিল৷সমাজত তেওঁ সদায়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল৷কেতিয়াও কাৰোৰে অহিত চিন্তা কৰা নাছিল৷তেওঁ দৰে এজন ব্যক্তিৰ মৃত্যুত সমাজৰ বাবে অপূৰণীয় ক্ষতি৷আজিৰ এই অনুষ্ঠানত ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰো উপস্থিত থাকি তেওঁক শ্ৰূদ্ধাঞ্জলি জ্ঞানপন কৰি কয়,তেওঁ মোক জীৱনৰ প্ৰতিটো খুজতে সু দিহাপৰামৰ্শ আগবঢ়াই আহিছিল৷আৰু ধিং খনৰ সামগ্ৰিক উন্নয়ন কি দৰে আগবঢ়াই নিব পাৰি সেই বিষয়েও আলোচনা কৰি আহিছিল৷তেওঁ দৰে এজন অভিভাৱক স্বৰূপ ব্যক্তিক হেৰুৱাই মই সচাঁকৈয়ে মৰ্মাহত হৈছো৷


আজিৰ এই অনুষ্ঠানত ধিং প্ৰেছ ক্লাৱ,বিশিষ্ট ইতিহাসবিদ তথা ধিং মহাবিদ্যালয় অধ্যক্ষ ড°বিমান হাজৰিকা,নগাঁও খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড°ৰমেশ নাথ,খাগৰি জান মহাবিদ্যালয় অৱসৰ প্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° জোনাৰাম নাথ,প্ৰাক্তন আছু নেতা তথা সমাজকৰ্মী ৰুদ্ৰ কান্ত শইকীয়া আৰু ধিং আছুকে ধৰি বহু সংখ্যক লোক উপস্থিত আছিল৷



Share this article

Facebook Twitter