যুৱ উদ্যোগীক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ আৰ্থিক সাহায্য বিতৰণ
ৰাইজৰ বাৰ্তা,গুৱাহাটীঃ যুৱ প্ৰজন্মক উদ্যোগী আৰু আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ অধীনত আজি আৰ্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ আৰু ২.০’ৰ অধীনত উদ্যমীসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰাৰ লগতে তেওঁলোকে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী শুভ উদ্বোধন কৰে।
আঁচনিখনৰ অধীনত এই পৰ্যন্ত মুঠ ৮২,২১৯ গৰাকী উদ্যমীক ২৭৮ কোটি টকাৰো অধিক আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছে। ‘CMAAA 1.0’-ৰ অধীনত ৯,৫৫২ গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু ২৬ গৰাকী বৃত্তিগত শ্ৰেণীৰ উদ্যমীক মুঠ ৯৬ কোটি টকাৰো অধিক সাহায্য প্ৰদান কৰা হৈছে। আনহাতে, ‘CMAAA 2.0’-ৰ অধীনত ৭২,৪৪৭ গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু ১৯৪ গৰাকী বৃত্তিগত শ্ৰেণীৰ উদ্যমীক ১৮২ কোটি টকাৰো অধিক আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছে।
আঁচনি অনুসৰি সাধাৰণ শ্ৰেণীৰ প্ৰতিগৰাকী উদ্যমীক সৰ্বাধিক ২ লাখ টকা আৰু বৃত্তিগত শ্ৰেণীৰ প্ৰতিগৰাকী উদ্যমীক সৰ্বাধিক ৫ লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়োৱা হৈছে। এই আৰ্থিক সহযোগিতাৰ ৫০ শতাংশ অনুদান আৰু বাকী ৫০ শতাংশ সুদমুক্ত ঋণ হিচাপে প্ৰদান কৰা হৈছে।
ইয়াৰ উপৰি, যুৱ উদ্যোগীসকলৰ দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকে উৎপাদন কৰা সামগ্ৰীৰ বজাৰ সংযোগ শক্তিশালী কৰাৰ উদ্দেশ্যে বিপণন সহায়ো আগবঢ়োৱা হৈছে। অনুষ্ঠানত উদ্যমীসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনীৰ জৰিয়তে ৰাজ্যৰ যুৱ উদ্যোগীসকলৰ প্ৰতিভা আৰু সম্ভাৱনাৰো প্ৰদৰ্শন কৰা হয়।
‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান’ৰ জৰিয়তে ৰাজ্যৰ যুৱ সমাজক স্ব-নিয়োজনৰ দিশত আগবঢ়াই নি আত্মনিৰ্ভৰশীল অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।
