দুধনৈৰ দ্বাৰাপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড
পাৰিবাৰিক কন্দলৰ পৰিণতিত পুত্ৰৰ হাতত পিতৃ নিহত
ৰাইজৰ বাৰ্তা / দুধনৈ
দুধনৈৰ দ্বাৰাপাৰাত সংঘটিত এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাৰিবাৰিক কন্দলৰ পৰিণতিত পুত্ৰৰ হাতত পিতৃ নিহত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, পাৰিবাৰিক বিষয়ক লৈ পিতৃ-পুত্ৰৰ মাজত সংঘাতৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে পুত্ৰ প্ৰসাদ ৰাভাই এখন দাৰে পিতৃক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। গুৰুতৰভাৱে আহত পিতৃৰ মৃত্যু ঘটে।
ঘটনাক কেন্দ্ৰ কৰি দ্বাৰাপাৰা অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ সবিশেষ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
