গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

জাগীৰোডত ৰাইজৰ সেৱাত নতুন উন্নয়নমূলক প্ৰকল্প

RAIJOR BARTA September 07, 2026


 

জাগীৰোডত ৰাইজৰ সেৱাত নতুন উন্নয়নমূলক প্ৰকল্প

বিশুদ্ধ খোৱাপানী, ৰে’লৱে উৰণ সেঁতুত ষ্ট্ৰীট লাইট, ডাষ্টবিন আৰু ৰাজহুৱা প্ৰস্ৰাৱগাৰ উৎসৰ্গা মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাইজৰ বাৰ্তা /জাগীৰোড, ৭ ছেপ্টেম্বৰ: 

জাগীৰোড চহৰৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি কেইবাটাও জনকল্যাণমূলক প্ৰকল্প ৰাইজৰ সেৱাত উৎসৰ্গা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। চহৰখনত নতুনকৈ সাজু কৰা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ৰে’লৱে উৰণ সেঁতুৰ ওপৰত স্থাপন কৰা ষ্ট্ৰীট লাইট, ডাষ্টবিন আৰু এটা ৰাজহুৱা প্ৰস্ৰাৱগাৰ আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হয়।

উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজৰ সৈতে মত-বিনিময় কৰে। সভাত জাগীৰোডৰ উন্নয়ন আৰু আগন্তুক দিনত ৰূপায়ণ কৰিবলগীয়া বিভিন্ন কল্যাণমূলক আঁচনি সন্দৰ্ভতো বক্তব্য আগবঢ়ায় মন্ত্ৰী হাজৰিকাই।

মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাইজৰ বাবে নূন্যতম নাগৰিক সুবিধাসমূহ নিশ্চিত কৰিব পৰাটো চৰকাৰ তথা জনপ্ৰতিনিধিসকলৰ বাবে পৰম সৌভাগ্যৰ বিষয়। জাগীৰোডৰ সামগ্ৰিক উন্নয়নৰ বাবে অনাগত দিনতো ব্যাপক ৰূপত কল্যাণকামী প্ৰকল্প ৰূপায়ণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জাগীৰোড সমষ্টিক ৰাজ্যৰ অন্যতম উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰ আৰু জনপ্ৰতিনিধিসকল বদ্ধপৰিকৰ। নাগৰিকৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত মৌলিক সুবিধাসমূহৰ উন্নয়নৰ লগতে জাগীৰোডৰ সামগ্ৰিক পৰিকাঠামো শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে।

আজিৰ অনুষ্ঠানত বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু মৰিগাঁও জিলাৰ আয়ুক্তাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উন্নয়নমূলক প্ৰকল্পসমূহ ৰাইজৰ সেৱাত মুকলি হোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে আগন্তুক দিনত জাগীৰোডত অধিক উন্নয়নমূলক কাম-কাজ ৰূপায়ণৰ আশা ব্যক্ত কৰে।

Share this article

Facebook Twitter