গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ বিজেপিৰ তৎপৰতা

RAIJOR BARTA September 02, 2026


 

নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ বিজেপিৰ তৎপৰতা

জাগীৰোডৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক, নিৰ্বাচনী ৰণকৌশলক লৈ চলিল বিস্তৃত আলোচনা

ৰাইজৰ বাৰ্তা | জাগীৰোড / 2 ছেপ্টেম্বৰ

নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। সমষ্টিটোত দলীয় সাংগঠনিক স্থিতি অধিক শক্তিশালী কৰাৰ লগতে উপ-নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে জাগীৰোডৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি দলৰ সাংগঠনিক প্ৰস্তুতি, নিৰ্বাচনী পৰিকল্পনা আৰু তৃণমূল পৰ্যায়ত দলীয় কাৰ্যকলাপ অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা হোৱা বুলি জানিব পৰা গৈছে।

বৈঠকখনত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে নগাঁও লোকসভা সমষ্টিৰ সৈতে জড়িত কেইবাগৰাকীও বিধায়ক আৰু বিজেপিৰ নেতা উপস্থিত থাকে। উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা, শশীকান্ত দাস, জিতু গোস্বামী আৰু ৰমাকান্ত দে।

উপ-নিৰ্বাচনক লৈ বিজেপিৰ এই গুৰুত্বপূৰ্ণ বৈঠকে সমষ্টিটোত দলটোৱে ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰা কথাকে স্পষ্ট কৰিছে। বিশেষকৈ সমষ্টিটোৰ বিভিন্ন অঞ্চলত দলীয় সংগঠন শক্তিশালী কৰা, নেতা-কৰ্মীৰ মাজত সমন্বয় বৃদ্ধি কৰা আৰু ভোটাৰৰ সৈতে অধিক ঘনিষ্ঠভাৱে যোগাযোগ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও নিজ নিজ কৌশল প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে। এনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ উপস্থিতিত জাগীৰোডত অনুষ্ঠিত এই বৈঠকখন যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে কোনগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰে আৰু দলটোৱে কেনেধৰণৰ নিৰ্বাচনী ৰণকৌশল গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব। কিন্তু উপ-নিৰ্বাচনক লৈ দলটোৰ শীৰ্ষ নেতৃত্বৰ তৎপৰতা যে বৃদ্ধি পাইছে, জাগীৰোডৰ এই বৈঠকে তাৰেই ইংগিত বহন কৰিছে।

Share this article

Facebook Twitter