ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ বাবে ৭ দিনৰ সময়সীমা জিলা প্ৰশাসনৰ
আজিৰে পৰা ঘাইপথ মেৰামতিৰ কাম আৰম্ভ কৰিব লাগিব NHAI-য়ে
ৰাইজৰ বাৰ্তা | গুৱাহাটী, ১ ছেপ্টেম্বৰ
সোণাপুৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা আৰু মেৰামতিৰ বিষয়টোক লৈ তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন। ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে জিলা প্ৰশাসনে NHAIক ৭ দিনৰ সময়সীমা বান্ধি দিছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত পথ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত এই কথা জানিবলৈ দিয়ে জিলা আয়ুক্তে। জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি আজিৰে পৰাই ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ কৰিব লাগিব NHAI-য়ে।
মেৰামতিৰ কাম সঠিকভাৱে সম্পন্ন হৈছে নে নাই, সেয়া নিৰীক্ষণ কৰাৰ বাবে এখন বিশেষ কমিটীও গঠন কৰা হৈছে। জিলা পৰিবহণ বিষয়া (DTO), সোণাপুৰৰ SDPO, CDPO, PD আৰু দুগৰাকী স্থানীয় লোকক লৈ এই কমিটী গঠন কৰা হৈছে। কমিটীখনে পথ মেৰামতিৰ কামৰ অগ্ৰগতি আৰু গুণগত মান পৰ্যবেক্ষণ কৰিব।
ইফালে, ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন সমস্যা সন্দৰ্ভত বৈঠকত স্থানীয় ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। পথৰ জৰাজীৰ্ণ অৱস্থা, মেৰামতিৰ অভাৱকে ধৰি উত্থাপিত সমস্যাসমূহৰ বিষয়ে অহা ৩ ছেপ্টেম্বৰত জিলা আয়ুক্তৰ উপস্থিতিত পুনৰ আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, সোণাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা আৰু পথ মেৰামতিৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। আনহাতে, ঘটনা সন্দৰ্ভত ইতিমধ্যে NHAIৰ দুগৰাকী বিষয়াক দিছপুৰ আৰক্ষীয়ে আটক কৰিছে।
দুৰ্ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ যাতায়াত ব্যৱস্থা অধিক সুৰক্ষিত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপে স্থানীয় ৰাইজৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।
