গুৱাহাটী বিশ্ববিদ্যালয়লৈ ১০৯ কোটি টকাৰ অনুদান ৰাজ্য চৰকাৰৰ
ৰাইজৰ বাৰ্তা | গুৱাহাটী, ১ ছেপ্টেম্বৰ:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে ১০৯ কোটি টকাৰ বৃহৎ অনুদান। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই অনুদানৰ ঘোষণা কৰাৰ পাছতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দেখা যায় ব্যাপক আনন্দ-উল্লাস।
মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ফটকা ফুটোৱাৰ লগতে ইজনে-সিজনক মিঠাই বিতৰণ কৰি আনন্দ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰে ছাত্ৰ-ছাত্ৰীসকলে।
জানিব পৰা মতে, ৰাজ্য চৰকাৰে আগবঢ়োৱা এই বৃহৎ পুঁজিৰে গুৱাহাটী বিশ্ববিদ্যালয়ত কেইবাটাও নতুন উন্নয়নমূলক প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব। বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত এই পুঁজি ব্যৱহাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।
আনহাতে, এই নতুন প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি থাকিব বুলি জানিব পৰা গৈছে।
ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি ছাত্ৰ সমাজে আশা প্ৰকাশ কৰে যে এই প্ৰকল্পসমূহ ৰূপায়ণৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু আন্তঃগাঁথনিগত ক্ষেত্ৰত নতুন গতি লাভ কৰিব।
