গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ACS বিষয়া দেৱেশ্বৰ বৰাৰ বাসগৃহত CM ভিজিলেন্সৰ অভিযান

RAIJOR BARTA September 07, 2026



 

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বাসগৃহত CM ভিজিলেন্সৰ অভিযান

ধেমাজিৰ লগতে গুৱাহাটীৰ দুটা স্থানতো একেলগে অভিযান

ৰাইজৰ বাৰ্তা / গুৱাহাটী/ধেমাজি: জ্যেষ্ঠ ACS বিষয়া তথা ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত হিচাপে কৰ্মৰত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আয়-বহিৰ্ভূত সম্পত্তিৰ অভিযোগক কেন্দ্ৰ কৰি সোমবাৰে মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ বৃহৎ অভিযান চলোৱা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, ধেমাজিৰ সমান্তৰালভাৱে গুৱাহাটীৰ দুটা স্থানতো CM Vigilance-এ অভিযান চলাইছে। এগৰাকী চিকিৎসকে দাখিল কৰা অভিযোগৰ ভিত্তিত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

অভিযোগ অনুসৰি, মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ যুটীয়া সচিব হিচাপে দায়িত্ব পালন কৰি থকাৰ সময়ছোৱাত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে বিভিন্ন অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। পৰৱৰ্তী সময়ত গোচৰটোৰ প্ৰাথমিক তদন্তত তেওঁৰ নামত থকা আয়-বহিৰ্ভূত সম্পত্তিৰ তথ্য পোহৰলৈ অহাৰ দাবী কৰিছে তদন্তকাৰী সংস্থাই।

তদন্তৰ আওতাত অহা তথ্য অনুসৰি, গুৱাহাটী আৰু লখিমপুৰত দেৱেশ্বৰ বৰাৰ নামত থকা বুলি অভিযোগ উত্থাপিত হোৱা কেইবাটাও সম্পত্তিৰ বিষয়েও অনুসন্ধান চলাইছে CM Vigilance-এ।

অভিযানৰ সময়ত বিভিন্ন নথি-পত্ৰ আৰু সম্পত্তি সম্পৰ্কীয় তথ্য পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে অভিযান সম্পূৰ্ণ নোহোৱালৈকে কিমান পৰিমাণৰ সম্পত্তি বা নথি উদ্ধাৰ হৈছে, সেই সন্দৰ্ভত তদন্তকাৰী সংস্থাৰ পৰা সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।

ঘটনাক কেন্দ্ৰ কৰি প্ৰশাসনিক মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। CM Vigilance-ৰ তদন্ত আগবঢ়াৰ লগে লগে দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Share this article

Facebook Twitter