২ ছেপ্টেম্বৰৰ পৰা দেৰগাঁৱত SSP সন্মিলন, ১২ ছেপ্টেম্বৰত যোৰহাটত জিলা আয়ুক্ত সন্মিলন
ৰাইজৰ বাৰ্তা / দিছপুৰ / ৩০ আগষ্ট
ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক অধিক সক্ৰিয় আৰু সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ সন্মিলনৰ আয়োজন কৰিছে অসম চৰকাৰে। দেওবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, অহা ২ ছেপ্টেম্বৰৰ পৰা দেৰগাঁৱত অনুষ্ঠিত হ’ব এছ এছ পি (SSP) সন্মিলন। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি, আৰক্ষী প্ৰশাসনৰ বিভিন্ন বিষয় আৰু অপৰাধ নিয়ন্ত্ৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সন্মিলনত আলোচনা হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ পাছতে ১২ ছেপ্টেম্বৰত যোৰহাটত অনুষ্ঠিত হ’ব জিলা আয়ুক্তসকলৰ সন্মিলন। ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰশাসনিক কাম-কাজ, উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ, জনসেৱা আৰু চৰকাৰী আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত সন্মিলনত বিস্তৃত আলোচনা হ’ব।কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ এই ঘোষণাই আগন্তুক দিনত ৰাজ্যৰ প্ৰশাসন আৰু আইন-শৃংখলা ব্যৱস্থাক অধিক গতিশীল কৰাৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বক প্ৰতিফলিত কৰিছে।
