গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

২৫০০খন ছীম কাৰ্ড, ম’বাইল ফোন, QR ক’ড, ফিংগাৰ মেচিন আৰু নগদ ধন জব্দ; এজন আটক

RAIJOR BARTA August 27, 2026

 

মৈৰাবাৰীত ভূৱা ছীম কাৰ্ডৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান



মৈৰাবাৰী, ২৭ আগষ্ট:
মৈৰাবাৰীত ভূৱা ছীম কাৰ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ছীম কাৰ্ডসহ বিভিন্ন সামগ্ৰী জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিছে।

আজি লাহৰীঘাট সমজিলা আৰক্ষী আৰু মৈৰাবাৰী আৰক্ষীৰ নেতৃত্বত মৈৰাবাৰীৰ চমু ষ্টেণ্ডৰ সমীপৱৰ্তী এখন দোকানত অভিযান চলোৱা হয়। অভিযানকালত আৰক্ষীয়ে প্ৰায় ২,৫০০খন বিভিন্ন কোম্পানীৰ ছীম কাৰ্ড, ৪টা ম’বাইল ফোন, ২টা QR ক’ড, এটা ফিংগাৰ মেচিন আৰু নগদ ১২ হাজাৰ টকা জব্দ কৰে।

ইয়াৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ইমদাদুল হক নামৰ এজন ছীম কাৰ্ড ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰে।

জব্দ কৰা ছীম কাৰ্ডসমূহৰ ব্যৱহাৰ আৰু ইয়াৰ সৈতে কোনো ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ঘটনাটোক কেন্দ্ৰ কৰি মৈৰাবাৰীত সৃষ্টি হৈছে চাঞ্চল্য।

Share this article

Facebook Twitter