গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

তামাৰহাটত বজ্ৰপাতৰ ভয়ংকৰ ঘটনা

RAIJOR BARTA August 30, 2026


 তামাৰহাটত বজ্ৰপাতৰ ভয়ংকৰ ঘটনা, একেটা পৰিয়ালৰ ৬জন আহত


আঞ্চলিক বাৰ্তা /তামাৰহাট, ২৯ আগষ্ট: 

তামাৰহাটৰ ভেৰভেৰি গাঁৱত সংঘটিত এক ভয়ংকৰ বজ্ৰপাতৰ ঘটনাত একেটা পৰিয়ালৰ ৬জন লোক আহত হয়। শনিবাৰে সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশৰ।


বজ্ৰপাতৰ ফলত আহতসকলক মহিৰণ বেওৱা, ৰোজিনা খাতুন, ছানিদুল শ্বেখ, মনোৱাৰা বিবি, মুন্নাফ শ্বেখ আৰু গুলভান বিবি বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে আহত আটাইকেইগৰাকীক ততাতৈয়াকৈ তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।


স্থানীয় সূত্ৰ অনুসৰি, বজ্ৰপাতৰ প্ৰচণ্ড শব্দৰ লগতে ইয়াৰ প্ৰভাৱত কেইবাডাল গছতো জুই লাগে। ঘটনাটোৱে ভেৰভেৰি গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি কৰে।


বৰ্তমান আহতসকল চিকিৎসাধীন হৈ আছে। অৱশ্যে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে সবিশেষ তথ্য এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

Share this article

Facebook Twitter