গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3
RAIJOR BARTA August 28, 2026


 হাটশিঙিমাৰীত নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা: পুখুৰীত বাগৰিল গাড়ী, দুই বন্ধুৰ কৰুণ মৃত্যু

আঞ্চলিক বাৰ্তা/ ২৮ আগষ্ট:

হাটশিঙিমাৰীত নিশা সংঘটিত এক কৰুণ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত বাহন বাগৰি পৰাৰ ফলত দুজনকৈ উদীয়মান যুৱকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।

ঘটনাৰ বিৱৰণ:
যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত হাটশিঙিমাৰীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত এয়া দুর্ঘটনা সংঘটিত হয়। ML 05 X 4636 পঞ্জীয়ন নম্বৰৰ ‘হোণ্ডাই ভাৰ্ণা’ বাহনখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা দ পুখুৰীত বাগৰি পৰে।

উদ্ধাৰ অভিযান আৰু চিকিৎসা:
দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে তৎমুহূৰ্ততে আৰক্ষী আৰু SDRF-ক খবৰ দিয়ে।

আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় লোকসকলে সাহসিকতাৰে পানীত নামি বাহনখনৰ চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত SDRF আৰু আৰক্ষীৰ দল উপস্থিত হৈ গাড়ীখনৰ ভিতৰৰ পৰা আন এজন যুৱকক উদ্ধাৰ কৰে।

দুয়োকে লগে লগে হাটশিঙিমাৰী জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও দুৰ্ভাগ্যবশত কৰ্তব্যৰত চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।

নিহত যুৱক দুজনৰ পৰিচয়:
মৃত যুৱক দুজন মানকাচৰ থানাৰ অন্তৰ্গত দিয়াৰা গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে—

আল মামুন (২৭) — পিতৃ: মুৰাদ হুছেইন

মহিত ইছলাম (১৬) — পিতৃ: মুকুল হুছেইন

জানিব পৰা মতে, দুয়ো ঘনিষ্ঠ বন্ধু আছিল আৰু হাটশিঙিমাৰীৰ পৰা নিজ গৃহলৈ ওভতাৰ পথতে এই মৰ্মান্তিক দুৰ্ঘটনাটো ঘটে। এই ঘটনাই সমগ্ৰ দিয়াৰা গাঁৱৰ লগতে চৌপাশৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।


Share this article

Facebook Twitter