গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

বশিষ্ঠত শোকাৱহ ঘটনা

RAIJOR BARTA August 28, 2026


 নিজৰ ছাৰ্ভিচ পিষ্টলেৰে আৰক্ষী জোৱানৰ আত্মহত্যা

ৰাইজৰ বাৰ্তা,গুৱাহাটী,২৮আগষ্ট -গুৱাহাটীৰ বশিষ্ঠত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীচালনা কৰি এগৰাকী আৰক্ষী জোৱানে আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে, বশিষ্ঠস্থিত CIDৰ আৱাসিক এলেকাত পৰিয়ালসহ বাস কৰিছিল কনিষ্টবল পৰীক্ষিত বৈশ্যই। আৱাসস্থলীতে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীচালনা কৰি তেওঁ আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। কি কাৰণত আৰক্ষী কনিষ্টবলগৰাকীয়ে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই বিষয়ে এইপৰ্যন্ত স্পষ্ট তথ্য পোহৰলৈ অহা নাই।ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী মহলৰ লগতে বশিষ্ঠৰ CIDৰ আৱাসিক এলেকাত শোকৰ ছাঁ পৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Share this article

Facebook Twitter