ৰাইজৰ বাৰ্তা,গুজৰাট, ২৮ আগষ্ট: অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিয়ালৰ সৈতে গুজৰাটৰ ঐতিহাসিক সোমনাথ মন্দিৰ দৰ্শন কৰে। মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ভগৱান সোমনাথৰ আশিস গ্ৰহণ কৰি ৰাজ্য তথা ৰাজ্যবাসীৰ মংগল, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।
সোমনাথ মন্দিৰত পৰিয়ালসহ সেৱা আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ সুখ-শান্তি আৰু উন্নতি কামনা কৰে। দেশৰ অন্যতম পবিত্ৰ তীৰ্থস্থান সোমনাথত উপস্থিত হৈ আধ্যাত্মিক অনুভূতি লাভ কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত পৰিয়ালৰ সদস্যসকলেও মন্দিৰত পূজা-অৰ্চনা আগবঢ়ায়। ৰাজ্যবাসীৰ কল্যাণ আৰু অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ভগৱানৰ ওচৰত আশিস বিচাৰি প্ৰাৰ্থনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
