আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ছুইমিং পুল উদ্বোধন
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে উদ্বোধন
পৰিচালনাৰ বাবে Sports Authority of India-ৰ সৈতে বুজাবুজি চুক্তি
ৰাইজৰ বাৰ্তা | বিশেষ প্ৰতিবেদন / আমিনগাঁও, ২৮ আগষ্ট:
ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এক উল্লেখযোগ্য সংযোজন। আমিনগাঁৱত নৱনিৰ্মিত আন্তঃৰাষ্ট্ৰীয় মানৰ ছুইমিং পুল উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ছুইমিং পুলটো ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি হিচাপে অভিহিত কৰে।
উদ্বোধনী অনুষ্ঠানত খেলুৱৈসকলে ছুইমিঙৰ বিভিন্ন শাখাৰ ক্ৰীড়া-কৌশল প্ৰদৰ্শন কৰে। খেলুৱৈসকলৰ মনোমোহা প্ৰদৰ্শনে অনুষ্ঠানস্থলীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
ইফালে, ছুইমিং পুলটোৰ পৰিচালনা আৰু ব্যৱস্থাপনাক অধিক উন্নত কৰাৰ লক্ষ্যৰে Sports Authority of India (SAI)-ৰ সৈতে ৰাজ্য চৰকাৰৰ এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে ছুইমিং খেলৰ প্ৰশিক্ষণ, খেলুৱৈসকলৰ দক্ষতা বিকাশ আৰু উন্নত ক্ৰীড়া পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত নতুন দিশ মুকলি হোৱাৰ আশা কৰা হৈছে।
উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে এখন সভাও অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ আগবঢ়ায় ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা, বিধায়ক প্ৰকাশ দাস আৰু বিধায়ক দিগন্ত কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
নৱনিৰ্মিত এই আন্তঃৰাষ্ট্ৰীয় মানৰ ছুইমিং পুলে অসমৰ ছুইমিং খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ সুবিধা প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
