গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত বিশাল ড্ৰাগছ বিৰোধী সজাগতা সভা ও ৰেলী।

RAIJOR BARTA August 27, 2026

 হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত বিশাল ড্ৰাগছ বিৰোধী সজাগতা সভা ও ৰেলী।





সজাগতা সভাত উপস্থিত থাকে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা



নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় দিনক দিনে বৃদ্ধি পাইছে আহিছে  উত্তৰ পশ্চিম নগাঁও অঞ্চলত। হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত চিলঙণী, আমতলা, নাৰামাৰী, হেৰাপাতি, কাতিমাৰী, শিমলুগুৰি, বৰভেটি, ধিংৰোড, কাৱৈমাৰী, চলচলি, ভকতগাওঁ, গৰৈমাৰী, সোণাইঘাট এলেকাত বৰ বিষ ড্ৰাগছৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে।



পুৱাৰে পৰা দুপৰ নিশা লৈকে বৰবিষ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে ইয়াৰে এচাম ধুৰন্ধৰ আৰু অসামাজিক লোকে। স্থানীয় হয়বৰগাঁও আৰক্ষীৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ লৈ এচাম পুৰুষ মহিলাৰ লগতে নাবালক কিশোৰ কিশোৰীয়ে হাতে হাতে ড্ৰাগছৰ কণ্টেইনাৰ লৈ ৰাস্তাৰ দুয়োকাষে পিয়াপি দি ফুৰা পৰিলক্ষিত হয়। এক বিশ্বস্ত সূত্ৰই দাবী কৰা মতে সুদূৰ ডিমাপুৰৰ পৰা নিশা গাড়ীৰে সৰবৰাহ হয় নিষিদ্ধ ড্ৰাগছৰ লগতে গাঞ্জা,ভাং আৰু নিচাযুক্ত টেবলেট। জানিব পৰা মতে ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে বহু ফুলকুমলীয়া যুৱক যুৱতীৰ অকালতে মৃত্যু হৈছে।আৰ্শ্বজ্যজনক বাবে দিন দুপৰতে ড্ৰাগছ সেৱন কৰি আৰু ড্ৰাগছৰ বিষাক্ত বেজী লৈ এচাম যুৱক যুৱতী পদপথৰ কাষতে যেনিতেনি পৰি থকা দৃশ্য সম্প্ৰতি অতি সহজলভ্য হৈ পৰিছে।এই সন্দৰ্ভত অঞ্চলটোৰ মুৰব্বী সকলৰ লগতে স্থানীয় সচেতন মহলে হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত  একাধিক সজাগতা সভা,শোভাযাত্ৰা কৰিও তৎ পোৱা নাই।



অতি সম্প্ৰতি নগাঁও জিলাৰ সোণাইঘাট চলচলি চিলঙণী আমতলা ভকতগাওঁ অঞ্চলটোত অতিমাত্ৰা ৰূপত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ প্ৰচলন। আৰক্ষীৰ চকুত ধূলি দি এচামে ড্ৰাগছৰ ব্যৱসায় কৰি কোটিপতি হোৱাৰ বিপৰীতে আন এটা বৃহৎ সামাজিক পৰিয়াল ভিক্ষাৰী হৈ পৰিছে। ইয়াকে লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় সচেতন ৰাইজ আৰু অভিভাৱক সকল। তদুপলক্ষে হয়বৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সোণাইঘাট হাই স্কুলৰ ব্যৱস্থাপনাত আজি দিনৰ বাৰ বজাত অনুষ্ঠিত হ'য় বিশাল ড্ৰাগছ বিৰোধী সজাগতা সভাৰ লগতে প্ৰায় সহস্ৰাধিক শিক্ষাৰ্থীক লৈ ওলিওৱা হ'য় বিশাল ড্ৰাগছ বিৰোধী ৰেলী। ড্ৰাগছ বিৰোধী বিশাল ৰেলীত জিলা উপায়ুক্ত গৰাকীয়ে নিজেই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

য'ত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে হয়বৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি দিব্যজ্যোতি বৰুৱা, সম্পাদক মোস্তাফা কামাল,সোণাইঘাট হাই স্কুলৰ প্ৰধান শিক্ষক পৱিত্ৰ শইকীয়া,নগাঁও জিলা অন্যান্য পিছপৰা শ্ৰেণী বৰ্ডৰ অধ্যক্ষ হৰিচৰণ ডেকা, যুৱনেতা অভিজিত বৰাৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা আৰু একুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী সকলে ভাগ লোৱা পৰিলক্ষিত হয়। মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত গৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে সকলো সচেতন ৰাইজক মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনায়।



Share this article

Facebook Twitter