গোৱালপাৰাত ডেম পেচেঞ্জাৰ ৰে’লৰ খুন্দাত আহত বনৰীয়া হাতী
আঞ্চলিক সংবাদ / গোৱালপাৰা / ৩০ আগষ্ট
গোৱালপাৰা জিলাত ডেম পেচেঞ্জাৰ ৰে’লৰ খুন্দাত এটা বনৰীয়া হাতী আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, ৰে’লপথ পাৰ হ’বলৈ লোৱাৰ সময়তে বনৰীয়া হাতীটোক ডেম পেচেঞ্জাৰ ৰে’লে খুন্দা মাৰে।
ৰে’লৰ খুন্দাত হাতীটোৰ শৰীৰত আঘাত লাগে যদিও সৌভাগ্যক্ৰমে হাতীটোৰ মৃত্যু হোৱা নাই। আহত হাতীটোৱে ঘটনাস্থলীৰ পৰা পুনৰ জংঘলৰ ফালে প্ৰৱেশ কৰে।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত হাতীটোৰ সন্ধানত অভিযান আৰম্ভ কৰে। বন বিভাগৰ লোকসকলে হাতীটোৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে বুলি জানিব পৰা গৈছে।
ইফালে, ৰে’লপথৰ কাষত বনৰীয়া হাতীৰ চলাচল বৃদ্ধি পোৱাক লৈ স্থানীয় ৰাইজৰ মাজতো উদ্বেগ সৃষ্টি হৈছে। হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ লগতে ৰে’লপথত বনৰীয়া হাতীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বন বিভাগ আৰু ৰে’ল কৰ্তৃপক্ষক অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।
