শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ কাষত ইষ্টমেন অটো এণ্ড পাৱাৰ লিমিটেডৰ সৌৰশক্তি বিভাগ আৰু হুছেইন এণ্টাৰপ্ৰাইজ।
শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ স্বাস্থ্যসেৱাৰ প্ৰতি লক্ষ্য ৰাখি ইষ্টমেন অটো এণ্ড পাৱাৰ লিমিটেডৰ সৌৰশক্তি বিভাগৰ উদ্যোগত আৰু নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান হুছেইন এণ্টাৰপ্ৰাইজৰ সহযোগত শুক্ৰবাৰে এক বিনামূলীয়া চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত হয়।
ঐতিহাসিক ধিতাইপুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱাৰ পৰা অনুষ্ঠিত এই চিকিৎসা শিবিৰত অঞ্চলটোৰ প্ৰায় ৩০০ গৰাকী বানাক্ৰান্ত লোক উপকৃত হয়। শিবিৰত উপস্থিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে বানপীড়িত লোকসকলক বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰে।
চিকিৎসা শিবিৰত ইষ্টমেন অটো এণ্ড পাৱাৰ লিমিটেডৰ পুলক হুজুৰী, হুছেইন এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী ইকবাল হুছেইন, ৰঞ্জন বৰা, সন্দীপন, নজৰুল হুছেইন, আবু ছাদিক কবিৰৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চন্দ্ৰকান্ত গগৈ, গাঁও প্ৰধান যদু কোঁৱৰ, ধিতাইপুখুৰী মহিলা মঞ্চৰ বিষয়ববীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰণৱ বুঢ়াগোহাঁই, শিৱমন্দিৰ পৰিচালক প্ৰদীপ গগৈসহ কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ইষ্টমেন অটো এণ্ড পাৱাৰ লিমিটেডৰ সৌৰশক্তি বিভাগ আৰু হুছেইন এণ্টাৰপ্ৰাইজে গ্ৰহণ কৰা এই পদক্ষেপে সমাজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আৰু মানৱীয়তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইন।





