গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

তিনিচুকীয়াৰ জাগুনত অষ্টম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ

RAIJOR BARTA August 28, 2026




 ৰাইজৰ বাৰ্তা | বিশেষ প্ৰতিবেদন,২৮ আগষ্ট, ২০২৬: 

তিনিচুকীয়া জিলাৰ জাগুনত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক চাৰিজন যুৱকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, যোৱা ১৪ আগষ্টৰ নিশা সংঘটিত হৈছিল এই নিকৃষ্ট ঘটনা।

ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত জাগুন আৰক্ষীয়ে কাৰপুমপুলি গাঁৱৰ আকাশ তামাং নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, ঘটনাটোৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত হোৱা আন তিনিজন অভিযুক্ত বৰ্তমানেও পলাতক হৈ আছে। তেওঁলোকক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

নাবালিকা ছাত্ৰীগৰাকীৰ সৈতে সংঘটিত এই ঘটনাই সমগ্ৰ জাগুন অঞ্চলত ক্ষোভৰ সৃষ্টি কৰিছে। ঘটনাটোৰ সৈতে জড়িত সকলো অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ পিছতহে ঘটনাৰ সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব।

— ৰাইজৰ বাৰ্তা, বিশেষ প্ৰতিবেদন

Share this article

Facebook Twitter