নলবাৰীৰ পৰা চলিছিল পাকিস্তানলৈ চোৰাংচোৰাগিৰি: STFৰ জালত যুৱক মৃগেন শলৈ
ব্ৰেকিং প্ৰতিবেদন / ৩১ আগষ্ট
ৰাজ্যত পুনৰ উত্থাপিত হৈছে দেশবিৰোধী কাৰ্যকলাপৰ গুৰুত্বৰ অভিযোগ। নলবাৰী জিলাৰ পৰা পাকিস্তানলৈ চোৰাংচোৰাগিৰি চলোৱাৰ অভিযোগত আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (STF)ৰ জালত পৰিছে এজন যুৱক। গ্ৰেপ্তাৰ হোৱা যুৱকজনক নলবাৰীৰ মৃগেন শলৈ বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, মৃগেন শলৈৰ বিৰুদ্ধে পাকিস্তানৰ 'Shahzad Bhatti Network' (SBN) ৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। উক্ত নেটৱৰ্কৰ হৈ তেওঁ নলবাৰীৰ পৰাই বিভিন্ন তথ্য যোগান ধৰি চোৰাংচোৰাগিৰি চলাই আছিল বুলি সন্দেহ কৰা হৈছে।
বৰ্তমান STF-এ ঘটনা সন্দৰ্ভত মৃগেন শলৈক আটক কৰি অধিক তথ্যৰ বাবে সঘনে সোধ-পোচ অব্যাহত ৰাখিছে। এই সমগ্ৰ চক্ৰটোৰ সৈতে ৰাজ্যৰ আৰু কোনো লোক জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি তুলিছে।
