গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধিৰ পক্ষপাতী নহয় কংগ্ৰেছ:

RAIJOR BARTA August 28, 2026


প্ৰধানমন্ত্ৰীলৈ পত্ৰ মল্লিকাৰ্জুন খৰ্গেৰ

বিশেষ সংবাদ, ৰাইজৰ বাৰ্তা,২৮,আগষ্ট


লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ বিষয়টোক লৈ এইবাৰ তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে। দলটোৱে স্পষ্ট কৰি দিছে যে তেওঁলোক লোকসভাৰ আসন বৃদ্ধিৰ পক্ষত নাই। এই সংক্ৰান্তত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনৰ জৰিয়তে খৰ্গেয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ (Delimitation) প্ৰক্ৰিয়াৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা মূল বিষয়সমূহ হৈছে:

আসন অপৰিবৰ্তিত ৰখাৰ দাবী: অহা ২৫ বছৰলৈ লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ ৫৪৩ খনেই থাকিব লাগে বুলি কংগ্ৰেছে দাবী উত্থাপন কৰিছে।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা: লোকসভাৰ আসন বৃদ্ধি আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিকল্পনাক বিৰোধিতা কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ এই পত্ৰখন লিখিছে।

মহিলা সংৰক্ষণৰ পোষকতা: ২০২৯ চনৰ লোকসভা নিৰ্বাচনত মহিলাৰ বাবে এক-তৃতীয়াংশ (১/৩) আসন সংৰক্ষণ নিশ্চিত কৰাৰ বাবেও প্ৰধানমন্ত্ৰীক দাবী জনোৱা হৈছে।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ এই পত্ৰখনে বৰ্তমান দেশৰ ৰাজনৈতিক পেক্ষাপটত এক বিশেষ চৰ্চাৰ সৃষ্টি কৰিছে।

Share this article

Facebook Twitter