যুৱতীৰ মোবাইল ফোন থপিয়াই পল্টনবজাৰ আৰক্ষীৰ জালত ২ অভিযুক্ত
মহানগৰ বাৰ্তা / ৩০ আগষ্টঃ
গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত BT কলেজৰ সমীপত এগৰাকী যুৱতীৰ পৰা মোবাইল ফোন থপিয়াই নিবলৈ চেষ্টা কৰাৰ অভিযোগত দুজন যুৱক আৰক্ষীৰ জালত পৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত কিছু সময়ৰ বাবে উত্তেজনাৰ সৃষ্টি হয়।
অভিযোগ অনুসৰি, BT কলেজৰ ওচৰত যুৱতীগৰাকীৰ মোবাইল ফোন থপিয়াই দুজন যুৱকে পলায়নৰ চেষ্টা কৰে। কিন্তু স্থানীয় ৰাইজে দুয়োকে আটক কৰি ৰোষৰ সন্মুখীন কৰে। ঘটনাৰ খবৰ লাভ কৰি পল্টনবজাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে নিজৰ জিম্মালৈ লৈ যায়।
পাছত আৰক্ষীয়ে দুয়ো অভিযুক্তক ৰোহিত কুমাৰ ৰয় আৰু প্ৰাঞ্জল শৰ্মা বুলি চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
মোবাইল ফোন থপিয়াই পলায়নৰ চেষ্টা কৰা ঘটনাত দুজন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাক লৈ স্থানীয় ৰাইজে আৰক্ষীৰ তৎপৰতাক আদৰণি জনাইছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
