জুবিনক্ষেত্ৰত উপস্থিত হৈ অখিল গগৈৰ সংবাদ মেল
‘১৯ ছেপ্টেম্বৰ জুবিন দিৱস হিচাপে পালন কৰক’ — অখিল গগৈ
মহানগৰ বাৰ্তা / ২৯ আগষ্ট -
জুবিনক্ষেত্ৰত উপস্থিত হৈ সংবাদ মেল সম্বোধন কৰে বিধায়ক অখিল গগৈয়ে। সংবাদ মেলত জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ লগতে ১৯ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে পালন কৰিবলৈ চৰকাৰক দাবী জনায় অখিল গগৈয়ে।
অখিল গগৈয়ে কয় যে, জুবিন গাৰ্গৰ এগৰাকী প্ৰকৃত অনুৰাগী হিচাপে এই দাবী উত্থাপন কৰিছে। শিল্পী দিৱস আৰু ৰাভা দিৱস পালন কৰাৰ দৰে ৰাজ্যজুৰি ১৯ ছেপ্টেম্বৰ দিনটো ‘জুবিন দিৱস’ হিচাপে পালন কৰিব লাগে বুলিও তেওঁ মত প্ৰকাশ কৰে।
তেওঁ লগতে ১৯ ছেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰি সেই দিনটোত জুবিন গাৰ্গৰ সৃষ্টি, সংগীত আৰু আদৰ্শক লৈ চৰ্চা কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়।
ইয়াৰ উপৰি ‘জুবিনক্ষেত্ৰ’ নিৰ্মাণৰ বাবে চৰকাৰে ১০০ বিঘা মাটি আবণ্টন দিয়াৰ দাবী উত্থাপন কৰে অখিল গগৈয়ে। জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণৰ লগতে তেওঁৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও তেওঁ দাবী জনায়।
