গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

বৰপেটাৰ কাছুমাৰাত সন্ধানহীন মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ

RAIJOR BARTA August 28, 2026


 

                বৰপেটাৰ কাছুমাৰাত সন্ধানহীন            

                    মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰ।                 

ৰাইজৰ বাৰ্তা | আঞ্চলিক প্ৰতিবেদন / ২৮ আগষ্ট, ২০২৬

বৰপেটাৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰৰ সুঁতিত সন্ধানহীন হোৱা মাতৃ-পুত্ৰৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ সুঁতিত সন্ধানহীন হৈছিল মাতৃ-পুত্ৰ দুয়োগৰাকী।পিছত আৰক্ষী, SDRF আৰু পৰিয়ালৰ লোকৰ তৎপৰতাত আৰম্ভ হয় উদ্ধাৰ অভিযান। অৱশেষত আলোপতি চৰৰ নিচানৰ চৰত উদ্ধাৰ হয় দুয়োটা মৃতদেহ।মৃতদেহ দুটা ঘটনাস্থলীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৈত উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহ দুটা মাতৃ কংকনা দত্ত আৰু পুত্ৰ আকিবুল ইছলামৰ বুলি চিনাক্ত কৰা হৈছে।মাতৃ-পুত্ৰৰ এই কৰুণ মৃত্যুৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে। উদ্ধাৰৰ পিছত মৃতদেহ দুটা পৰিয়ালৰ লোকক গতাই দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হয়।ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।


— ৰাইজৰ বাৰ্তা, আঞ্চলিক প্ৰতিবেদন

Share this article

Facebook Twitter