গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3
RAIJOR BARTA August 31, 2026


 

ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ ৰহাত উত্তাল প্ৰতিবাদ

ৰাইজৰ বাৰ্তা | ৰহা, ৩১ আগষ্ট

ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাক লৈ ৰহাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে।

প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে সাধাৰণ জনতাই সন্মুখীন হোৱা সমস্যাৰ কথা উল্লেখ কৰি শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবী উত্থাপন কৰে। পথৰ জৰাজীৰ্ণ অৱস্থাৰ ফলত যাতায়াতত ব্যাপক অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পোৱা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে।

হাতত বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰা লোকসকলে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। পথৰ সমস্যা সমাধান নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।

Share this article

Facebook Twitter