গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ক্ষেত্ৰীৰ দুৰ্ঘটনাক লৈ তৎপৰ প্ৰশাসন

RAIJOR BARTA August 31, 2026


 

দুৰ্ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় গ্ৰাইপথ প্ৰাধিকৰণৰ সৈতে বৈঠক

ৰাইজৰ বাৰ্তা, ক্ষেত্ৰী, ৩১ আগষ্ট:

ক্ষেত্ৰীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে প্ৰশাসন। দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোৰ পথ সুৰক্ষা আৰু যান-বাহন চলাচলৰ ব্যৱস্থা পৰ্যালোচনা কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ লগতে বিধায়ক তপন দাস, সাংসদ বিজুলী কলিতা মেধি, NHAIৰ বিষয়ববীয়া তথা ক্ষেত্ৰীৰ সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

বৈঠকত ক্ষেত্ৰীৰ দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহত পথ সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰা, যান-বাহন নিয়ন্ত্ৰণ আৰু ভৱিষ্যতে এনে ভয়ংকৰ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ সন্দৰ্ভত আলোচনা কৰা হয়।

উল্লেখ্য যে, ক্ষেত্ৰীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজে পথ সুৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পাছতে প্ৰশাসনৰ এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।

Share this article

Facebook Twitter