গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

গ্ৰাহক সেৱা কেন্দ্ৰৰ আঁৰত চলিছিল চাইবাৰ লুটপাত

RAIJOR BARTA August 29, 2026


 

হাজো-ৰামদিয়া আৰক্ষীৰ যুটীয়া অভিযানত দুই চাইবাৰ অপৰাধী আটক

গ্ৰাহক সেৱা কেন্দ্ৰৰ আঁৰত চলিছিল চাইবাৰ লুটপাত, জব্দ বৃহৎ পৰিমাণৰ ATM কাৰ্ড, পাছবুক আৰু ভুৱা নথি

আঞ্চলিক বাৰ্তা, হাজো / ২৯ আগষ্ট : হাজো আৰু ৰামদিয়া আৰক্ষীৰ যুটীয়া অভিযানত চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰা হৈছে। আৰক্ষীৰ জালত পৰা লোক দুজন হৈছে ২নং ভেলকৰৰ হাৰান আলী আৰু তাপাবড়ী চৰৰ আখতাৰ হুছেইন।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নলবাৰী জিলাৰ শিয়ালমাৰী ন-পাৰা পামত ষ্টেট বেংক আৰু কানাড়া বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ চলাইছিল আখতাৰ হুছেইনে। অভিযোগ অনুসৰি, এই গ্ৰাহক সেৱা কেন্দ্ৰৰ আঁৰ লৈয়ে চলাই অহা হৈছিল চাইবাৰ লুটপাত। এই অপৰাধমূলক কাৰ্যকলাপত হাৰান আলীয়েও আখতাৰ হুছেইনক সহযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে ৰামদিয়া আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছতে আজি ন-পাৰা পামত থকা আখতাৰ হুছেইনৰ গ্ৰাহক সেৱা কেন্দ্ৰত আৰক্ষীৰ বৃহৎ দলে অভিযান চলায়।

অভিযানকালত আৰক্ষীয়ে কানাড়া বেংকৰ ২৯খন ATM কাৰ্ড, ২০খন পাছবুক, ৮খন PAN কাৰ্ড, ৮খন আধাৰ কাৰ্ড, এটা GPS Tracker, এটা লেপটপ, এটা মোবাইল ফোন আৰু এটা Bank POS Machine জব্দ কৰে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত এই নথি-পত্ৰ আৰু বেংকিং সামগ্ৰীসমূহ ব্যৱহাৰ কৰি গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অভিযোগ অনুসৰি, ভুৱা নথি-পত্ৰৰ সহায়ত গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা ধন উলিওৱাৰ দৰে চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছিল চক্ৰটোৱে।

ইতিমধ্যে আটকাধীন দুয়োজনকে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাৰ সৈতে আন কোনো লোক জড়িত আছে নেকি আৰু চাইবাৰ লুটপাতৰ জৰিয়তে কিমান ধন আত্মসাৎ কৰা হৈছিল, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত চলাই আছে।

Share this article

Facebook Twitter